হুমায়ূন আহমেদ বাংলাদেশৰ এজন প্ৰসিদ্ধ সাহিত্যিক। তেওঁৰ সাহিত্যৰাজিয়ে বাৰুকৈয়ে চুবুৰীয়া ৰাষ্ট্ৰ সমূহত সমাদৰ লাভ কৰিছে। তেওঁৰ লিখনিৰ প্ৰতি আকৃষ্ট হৈ তেওঁৰ সাহিত্যৰাজিৰ সৈতে অসমীয়া পাঠকক পৰিচয় কৰি দিয়াৰ মানসেৰে তেওঁৰ “গল্প সমগ্ৰ” নামৰ গল্পসংকলন খনৰ কেইটামান মনোগ্ৰাহী গল্প অসমীয়ালৈ অনুবাদ কৰি উলিয়াওঁ আৰু পঢ়ুৱৈ সমাজলৈ আগবঢ়াই দিবৰ বাবে প্ৰয়াস কৰিছো। অনুবাদ সাহিত্যৰ প্ৰতি এয়া আমাৰ প্ৰথম প্ৰয়াস। ইয়াক লৈ আমাৰ যথেষ্ঠ উৎসাহ আৰু আকাংক্ষা আছে। এই পুথিখন অনুবাদ কৰাৰ প্ৰথম প্ৰেৰণা হিচাবে বিজ্ঞানৰ অৱসৰী শিক্ষয়ত্ৰী শ্ৰদ্ধেয় আলম আৰা বেগমৰ নাম ল’বই লাগিব। কবলৈ গ’লে তেওঁৰ তাগিদাতেই আমি এই অনুবাদৰ কামটো কৰিবলৈ আগবাঢ়ি অহাৰ অনুপ্ৰেৰণা পাইছিলো। লগতে কলচুম বিবিৰ “হুমায়ূন আহমেদৰ একডজন গল্প”ৰ পুথিখনে আমাক বাৰুকৈয়ে আকৃষ্ট কৰিছিল। পৰৱৰ্ত্তী সময়ত পাবলিছিং হাউছৰ ডামিনিৰ পৰা সঘনাই পোৱা ফোনবোৰে কামটো বাস্তৱত ৰূপায়িত কৰাত সহায় কৰিছিল।পাঠক সমাজে ইয়াক আদৰি লব বুলি আশা কৰিলোঁ। আমাৰ এই ক্ষুদ্ৰ প্ৰয়াসত অজানিতে ৰৈ যোৱা ভুল-ত্ৰুটিৰ বাবে পঢ়ুৱৈৰ সমাজৰ ওচৰত ক্ষমা মাগিছোঁ। ইয়াৰ মূল গ্ৰন্থ “গল্প সমগ্ৰ” খনৰ প্ৰকৃত দাবিদাৰ হুমায়ূন আহমেদ চাৰৰ পৰিয়াল বৰ্গলৈ এই চেগতে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
BIOGRAPHY & AUTOBIOGRAPHY / Literary
বাংলা লেখক হুমায়ূন আহমেদৰ অনুবাদ গল্প
₹130.00
By: Anwar Hussain
ISBN: 9789366658711
Language: Assamese
Pages: 86
Format: Paperback
Category: BIOGRAPHY & AUTOBIOGRAPHY / Literary
Delivery Time: 7-9 Days



Reviews
There are no reviews yet.